Assamese (স্বামী + BF ) Love Marriage vs Arrange Marriage Sad Quotes for Girls and Boys

Assamese ( স্বামী + BF ) Love Marriage vs Arrange Marriage Sad Quotes for Girls and boys




ৰাতি 12 বজাৰ পিছত যেতিয়া তোমাৰ স্বামী- 'তোমাৰ,ব্রা,ফিতা খুলি,তোমাৰ সুৱাদ লব,

তেতিয়া তোমাৰ মনত bf ৰ কথা মনত পৰিব 😫

তোমাৰ স্বামী যেতিয়া তোমাক মৰম কৰাৰ সময়ত কন্ডমৰ প্যাকেট খুলিব,,

তেতিয়া তোমাৰ bf সেই সময়ত সিগাৰেটৰ প্যাকেট খুলিব, 💔

তুমি পাহৰি যাবা সেই লৰাক,কিন্তু লৰাজনে পাহৰি যাব টোপনি- 😥তমি ৰাতি জাগি থাকিবা স্বামীক সুখ দিয়াৰ বা‌বে,আৰু লৰাজনে ৰাতি জাগি থাকিব,

তোমাৰ  স্মৃতিবোৰ পাহৰিবলৈ...

কথাষাৰ হয়তো বেয়া লাগিব,কিন্তু সচা |

Assamese  Love Marriage vs Arrange Marriage Sad Quotes for Girls and Boys



Assamese Status | Assamese love status photo | Assamese love shayari photo | Love quotes assamese | Statusinassamese.com


Assamese Sad Status


মইয়ো আগতে হাহিয়ে আছিলো
গলা ফালি ফালি চিঞৰি আছিলো
কিন্তু সেই চাকিটোৱে বেয়াকে
জ্বলাই পেলালে মোৰ হাতখন
যিটো চাকিক মই সদায় বতাহৰ পৰা বছাই ৰাখিছিলো

আজি মই তাইক বেৱাফা বুলি কৈ আহিছো
তাইৰ চিঠি বিলাক পানীত উতুৱাই আহিছো
কোনোৱে পানীৰ পৰা যদি তুলি আনি পঢ়ে
সেইকাৰণে পানীতো জ্বুই লগাই আহিছো ।


অসমীয়া চুটিগল্প | Assamese short love story

 অসমীয়া চুটিগল্প | Assamese short love story

 

 "অভ্যাস"

সিহঁতে নতুন নতুন প্ৰেমত পৰাৰ দিনবোৰতেই সি আবিষ্কাৰ কৰিছিল কথাটো। একো একোটা দিন তাৰ খুব খং উঠিছিল। বিৰক্তিত আৰু অভিমানত মুখখন ফুলাই বহি থাকিছিল। বহুত ৰাতিলৈ টোপনি নাহিছিল কেতিয়াবা। পিছলৈ লাহে লাহে সি অভ্যস্ত হৈ পৰিছিল। খং, অভিমান কৰি লাভ নাই...কথাটো সি পলমকৈ হ'লেও বুজি উঠিছিল। শেষত খং কৰিবলৈ এৰি দিছিল। তাইৰ অভ্যাসৰ লগত সহবাস কৰি কৰি এটা সময়ত সি সেইটোকেই স্বাভাৱিক যেন ধৰি লৈছিল।তাৰো আচলতে অভ্যাস হৈ গৈছিল...
       দিনজোৰা ব্যস্ততা আছিল দুয়োটাৰে। চাকৰিজীৱী সিহঁতহালৰ কৰ্মজীৱনৰ মেৰু আৰু বিপৰিতমুখী। এটাই যদি কাউৰীপুৱাতেই উঠি কৰ্মস্থলীলৈ দৌৰ দিছিল, আনটোৱে তাৰ বিপৰীতে সেই কাউৰী-পুৱাতেই শেতেলীত বাগৰ দিছিলহে ! গতিকে অঙ্কবোৰ বৰ জটিল আছিল। বৰ কষ্ট হৈছিল মিলাই চলিবলৈ দুয়োটাৰে। কিন্তু তাৰ মাজতো চলি গৈছিল। বুজাবুজিৰ অভাৱ হোৱা নাছিল কোনোদিন ! দুয়োটা খুব উন্মুখ হৈ ৰৈ থাকিছিল বন্ধৰ দিন আৰু ৰাতিবোৰৰ বাবে...
    বন্ধৰ দিনবোৰত প্ৰায়েই লগ কৰিছিল দুয়ো। কিন্তু দিনৰ দিনটো একেলগে থকাৰ পিছতো দেখোন হেঁপাহ নপলাইছিল !! সন্ধিয়া তাইক ঘৰত নমাই থৈ সি নিজৰ ঠিকনাত গৈ পোৱাৰ ঠিক পিছৰে পৰাই পুনৰ ব্যস্ত হৈ পৰিছিল দুয়ো। ব্যস্ত হৈ পৰিছিল ইটোৱে সিটোৰ মাজত.. কথাৰ যেন শেষেই নহ'ব ! অথচ এইমাত্ৰ ইটোৱে সিটোৰ সান্নিধ্যত পাৰ কৰি থৈ আহিছে সম্পূৰ্ণ এটা দিন ! নাই নাই...তাৰ পিছতো যেন হেঁপাহবোৰ দুয়োৰে আধৰুৱা হৈ ৰৈ যায়...ক্ৰমাৎ প্ৰেমৰ বন্যাত উটি যায় দুয়ো...
       কিন্তু.....
      ৰাতি ঠিক এঘাৰ বাজি যোৱাৰ ঠিক পিছতেই কেনা লাগে সিহঁতৰ সফল আৰু সুন্দৰ প্ৰেমকাহিনীটোত। সিহঁতৰ মৰমবোৰে ৰাতিৰ মুখ নেদেখে। কাৰণ ? কাৰণ বেচেৰী তাইৰ মৰ-টোপনি ! ৰাতি ঠিক এঘাৰ বজাৰ পিছৰে পৰাই তাই টোপ টোপ বৰশী বাবলৈ আৰম্ভ কৰি দিয়ে। ওহোঁ..সি হেজাৰ চেষ্টা কৰিলেও তাইৰ টোপনিত ব্যাঘাত জন্মাব নোৱাৰে। বেচেৰীয়ে শোৱাৰ পীড়া উঠি গৈ দুচকুত পানী মাৰি আহে। তথাপিও তাই নিজকে আৰু কোনোমতে ধৰি ৰাখিব নোৱাৰে। মেছেজ কৰি থাকোতেই তাই ক'ব নোৱাৰাকৈয়ে টোপনিৰ কোলাত ঢলি পৰে। সি বেচেৰাই দুখে-অভিমানে বুকুখন পৰ্বতাকাৰ কৰি মাজৰাতিলৈ সাৰ পাই থাকে..জানোচা তাই হঠাতেই থত-মত খাই পুনৰ এটা মেছেজ কৰে ! কিন্তু নাই...তাৰ এই অপেক্ষাই কোনো কাম নিদিয়ে। বেলিটোৱে ভুমুকি মৰাৰ পিছতহে তাইৰ ক্লান্ত চকুৰ পতা মেল খায়। চকু মেলি উঠি দেখে যে মোবাইলত ফেচবুক, হোৱাটছএপ, ইউটিউব গোটেইবোৰ মেলি থোৱাতে থাকিল গোটেই ৰাতি।আৰু তাইৰ লাষ্ট চিন ৰাতিপুৱাৰ ৪.৩০। হোৱাটছএপত ঠাহ খাই থাকে তাৰ অভিমানবোৰ...দুচকুৰ পতা জাপ নোখোৱা খংবোৰ...দোষী দোষী মনটোৰে তাই কাউৰী-পুৱাতেই পঢ়ি শেষ কৰে মেছেজবোৰ...তাইৰ কান্দোন উজাই আহে...নিজৰ ওপৰতে খং উঠে তাইৰ। নিৰূপায় ক্ৰোধত তাই দাঁত-ওঁঠ কামোৰে। এই মৰ-টুপনিটো !!! এইটোৱে কেতিয়াবা তাইৰ কলিজাটো খাব! বিৰক্তিত তাইৰ নাক-মুখ কোচ খাই আহে...
     দিনবোৰ বাগৰিল। সময়বোৰ সলনি হ'ল। সলনি হ'ল সম্পৰ্কবোৰ...এসময়ৰ পৰস্পৰ মুগ্ধ সিহঁতহাল এতিয়া দায়িত্বশীল দম্পত্তি। সি এখন প্ৰতিষ্ঠিত কোম্পানীৰ দায়িত্বশীল বিষয়া।আৰু তাইও বিখ্যাত শিক্ষানুষ্ঠানৰ দায়িত্বশীলা শিক্ষয়িত্ৰী। এতিয়াও ব্যস্ততাই লগ এৰা দিয়া নাই কাকো। অথচ উন্মাদনাৰ উচ্ছল ঢৌবোৰে এতিয়া সিমানকৈ কোবাবলৈ সুচল নাপায় সিহঁতক। পৰস্পৰ সান্নিধ্যই দুয়োকৈ সুস্থিৰ কৰিছে এতিয়া। অথচ কিছুমান কথা এতিয়াও সলনি হোৱা নাই...হয়তো সলনি নহয় কাহানিও...
       ৰাতিৰ সাজ খাই উঠি সি পুনৰ লেপটপটো লৈ বহিল।কাইলৈ অফিচত খুব গুৰুত্ত্বপূৰ্ণ প্ৰেছেনটেশ্বন এটা আছে।সেইটো সম্পূৰ্ণ কৰিবলৈ অলপ কামহে বাকী। তাইও পাকঘৰৰ কামখিনি শেষ কৰি আহি কিতাপ এখন মেলি ল'লে। কাইলৈ কৰিব লগা ক্লাছকেইটাৰ ওপৰত অলপ চকু ফুৰাবলৈ আছে। দুয়ো নিজৰ নিজৰ জগতত ব্যস্ত হৈ পৰিল তেনেকৈয়ে।
     তাই: তোমাৰ আৰু কিমান সময় লাগিব ?
     সি: বেছি সময় নালাগে। অলপ কাম আছে।
     তাই : ঠিক আছে। মই কিতাপখন পঢ়ো।
      সি : বাৰু...
     
   কামত সি ইমানেই ডুবি গ'ল যে কিমান সময় পাৰ হৈ গ'ল গমেই নাপালে। লেপটপ সামৰি উঠি আহোঁতে সময় ৰাতিৰ দুই বাজিছে। চকুৰ পৰা চশমাযোৰ খুলি থৈ সি বিচনালৈ আহি দেখে তাই কিতাপখন বুকুত লৈ টোপনিত লাল-কাল। তাইৰ ভাগৰুৱা মুখখনত ক্লান্তিৰ ছাপ আছে যদিও গভীৰ টোপনিত মুদ খাই থকা তাইৰ চকুযুৰিত এক বিমল প্ৰশান্তি। আউলি-বাউলি তাইৰ চুলিবোৰ গালে-মুখে সিঁচৰতি হৈ আছে। এখন গালত হাত থৈ সৰু ছোৱালীৰ দৰে টোপনি গৈছে তাই । তাৰ তাইলৈ এক অপাৰ মায়া জাগিল। বুকুত পৰি থকা কিতাপখন আলফুলে বুটলি লৈ পঢ়ি থকা পৃষ্ঠাখনৰ সৰুকৈ ভাঁজ এটা কৰি সি কিতাপখন জপাই টেবুলখনত থ'লেগৈ। ফেনৰ স্পীডটো অকনমান বঢ়াই দি তাইৰ গাৰ চাদৰখন বুকুলৈকে টানি দিলে। চুলিবোৰ কপালৰ পৰা আঁতৰাই লৈ সি তাইৰ মুখখনলৈকে চাই থাকিল বহুপৰ....আগৰ দৰে তাৰ খং নুঠিল আজি। তাইৰ এই গভীৰ টোপনিত মুদ খোৱা চকুযুৰিত যেন লুকাই থাকে অযুত ভালপোৱা। যিবোৰৰ ভাগীদাৰ কেৱলমাত্ৰ সি। এই সুন্দৰ উপলব্ধিয়ে তাক যি প্ৰশান্তি দিয়ে সেই প্ৰশান্তিৰ তুলনাত কিছুমান শব্দ তেনেই নগণ্য হৈ পৰে তাৰ বাবে। এৰা...কিছুমান অভ্যাস সলনি নোহোৱাই ভাল...তাইৰ কপালত আলফুলে চুমা এটা খাই সিও তাইৰ কাষতে টোপনিৰ কোলাত ঢলি পৰে...অভিমানত বুকুখন পৰ্বতাকাৰ নহয় আজিকালি তাৰ...বৰঞ্চ বিয়পি পৰে প্ৰশান্তি....সুগভীৰ প্ৰশান্তি.....



📝 সুপ্ৰিয়া সূত্ৰধৰ।


পুনৰ সি আৰু তাই...| Assamese Status

পুনৰ সি আৰু তাই




পুনৰ সি আৰু তাই...


➦তাই: ঐ !
➥সি: উমম ক।
➦তাই: শুনচোন!
➥সি: শুনি আছোঁ, ক।
➦তাই: তই মোক কিয় ভালপাৱ ??
➥সি: হো ???
➦তাই: মানে কিয় ভালপাৱ ক না ! মোৰ জানিবলৈ মন যায়..
➥সি: সঁচা ?
➦তাই: অ সঁচা আকৌ !
➥সি: উমম শুন তেতিয়াহ'লে..কিন্তু বন্ধাকবি বুলি নোজোকাবি কৈ দিছো। চুলি জোকৰা দিম তেতিয়া!
➦তাই: অ নকওঁ দে বন্ধাকবি বুলি। ক এতিয়া।
➥সি: তোৰ মাজত এটা বনৰীয়া ফুলৰ দৰে অচিন অথচ খুব ভাললগা মাদকতা আছে। এই যে তোৰ কোনো বৰণ নসনা মুখখন, ঘামি-জামি থাকিলেও কিবা এটা ভাল লাগে। আৰু এই যে তোৰ খিলখিল হাঁহিটো, স্থান-কাল-পাত্ৰ নাচাই তই যে এনেকৈ সৰু ছোৱালীৰ দৰে খিলখিল কে হাঁহিব পাৰ, সেইটো মোৰ খুব ভাল লাগে। আৰু এই যে তোৰ অঁকৰা খং টো..
➦তাই: ঐ, ঐ, মই কেতিয়া অঁকৰা খং দেখুৱালো তোক ??
➥সি: অ নাই নাই...নাই দেখুওৱা অঁকৰা খং, এনেই কৈছোঁ দে। পাখৰি !
➦তাই: ঐ! পাখৰি নুবুলিবি...দিম দেই এপাট !
➥সি: কি দিবিনো ?
➦তাই: হেই যাহ..!!

খিলখিল হাঁহিত মুখৰিত হয় সময়বোৰ....বিয়পি পৰে মিঠা মিঠা, সুগন্ধি সুঘ্ৰাণ....যেন এপাহি বনৰীয়া ফুল...

Assamese Funny and Love Status for WhatsApp | Assamese Status

Assamese Funny and Love Status for WhatsApp

 

 ➦জীৱনত অন্য একো আশা নাই মাত্ৰ এতিয়া কাৰোবাৰ  Friendaversaryত পাৰ্টি দিবাদেই বুলি পোষ্ট দিয়া বোৰে খোৱা পাৰ্টি এটা খাবলৈ পালেই হৈ যাব


➦লগৰ কোনোবাই গান এটা খুজিলে Whatsapp ত দিবলৈ সময় নোপোৱা হেৰামীকেইটাই সেইতো গান ছোৱালী এজনীয়ে খুজিলে ঘৰত গৈ xenderত দি থৈ আহিব।


➦নতুন চোলা আনিবলৈ ভয়ে লগা হল।
 যিমান হে জুনিয়ৰ কলেজে আছে।
কোনোবা নহয় কোনোবা কলেজৰ উনিফর্মৰ লগত মিলি যায়।


➦Difference Between GF/BF and Husband/Wife
 GF/BF- কালি যিটো বেলেগৰ আছিল আজি সেইটো তোমাৰ কাইলে আন কাৰোবাৰ হৈ যাব।
 Husband/Wife-কালি যিটো বেলেগৰ আছিল আজি সেইটো তোমাৰ কাইলে তোমাৰেই হৈ থাকিব ।
 

➦কলা পেন্ট,টি-চাৰ্ট,জোতা মোৰো আছে কিন্তু Black lover বুলি হে ফটো দিয়া নহল। এতিয়া চিন্তা হৈছে ৰাইজে এঘৰীয়া নকৰেতো।

 
➦কেতিয়াবা কিছুমানৰ পৰা Hi Hellow মেছেজ পাওঁ।
 ৰিপ্লাই দিও যদিও আকৌ ঘূৰাই মেছেজ নাপাওঁ।
 মাৰিলো নে জীয়াই আছো টেষ্ট কৰি চাই নি বাৰু??
 

 ➦বিয়াৰ বয়স হলে আগতে ঘৰৰ মানুহে লৰাক কৈছিল,

#নিজৰজাতৰছোৱালীএজনীআনিবি।

তাৰ পাছত কবলৈ ধৰিলে,
"#ভালব্যৱহাৰপাতিকৰাছোৱালীএজনীআনিবি"

তাৰ পাছত কবলৈ ধৰিলে,
"#ভালসংস্কাৰথকাছোৱালীএজনী_অনিবি।"

আজি কালি  কবলৈ ধৰিলে,
"#বোপাইঅতইআকৌছোৱালীহেআনিবিদেই"


 ➦#সঁচাইইংৰাজীতোবৰহেৰামিভাষা
foreigner বুলিলে আমাৰ ধুনীয়া ৰঙা বগা মানুহৰ কথাই মনলৈ আহে।
 কিন্তু
সেই একেটা শব্দ অসমীয়াত শুনিলে কিন্তু বাংলাদেশী সোপাহে মনলৈ আহে।

 
➦একলেণ্ড বন্ধ হোৱাৰ আগদিনা গৈ অহা সকলেও আকৌ "আমি একলেণ্ড ৮ বছৰ আগতেই গৈছিলো" বুলি কৈ দিয়ে।


  ➦পুৰণি ফটোত হাঃ হাঃ ৰিয়েক্ট দেখিলে এটা কথাই ভাবো,
আজি যিকেইখন ফটোত Love ৰিয়েক্ট দি আছে হেৰামি সতে ভৱিষ্যতে তাতো হাঃহাঃ ৰিয়েক্ট দিব


 ➦স্কুতি লৈ যোৱা ছোৱালী এজনীৰ এক্সিডেন্ট হল ।
কেনেকৈ শুনক, "তাই গৈ আছিল মুখৰ আগত ছাগলী এটা ওলালে ব্ৰেক নামাৰি চিঞৰ মাৰি দিলে।"

 
➦পৃথিৱীৰ কাষেৰে আৰু কিমান দিনলৈ ক্ষতিকাৰক ৰশ্মি পাৰ হব?
 মোবাইল ওলোৱাৰে পৰা  এইটো মেছেজ মানে সপ্তাহত তিনিদিন মান পাওঁ।


➦ড্ৰিমলেণ্ডৰ মূল প্ৰৱেশ দুৱাৰতে প্ৰেছাব-গাৰ এটা বনাই তাত কামফেৰা কৰা সকলকহে সোমাবলৈ দিয়া হব।
ইতি ড্ৰিমলেণ্ড সুৰক্ষা সমিতি


➦একলেণ্ড এৰি
ৰাইজ এইবাৰ ড্ৰিমলেণ্ডলৈ ৰাওনা হৈছে।
অহা বছৰ সেইখনো বন্ধ নহলেই হৈছে। কিবা সুৰক্ষা সমিতি এখন লাগিছিল


 ➦আজিৰ শিশু কাইলৈ দেশৰ নাগৰিক ❌
আজিৰ শিশু কাইলৈ কোনো দলৰ ছাত্ৰনেতা ✔

  
➦প্ৰথম দেখোঁতে কিমান সৰু নাইবা ডাঙৰ হব ধৰিব নোৱাৰি   "বা"
বুলি মাতিলোঁৱেই যেনিবা।
ইমান ঘোপাকৈ চাব লাগে নে?


➦নতুন জোতা এযোৰ কিনি আপডেট দিয়া সকলেও আকৌ পথাৰৰ ফটো দেখিলে ফিচিঙা ফিচিঙ কৰে।
মাৰিলেই যেনিবা পথাৰত ফটো এখন তাতে কি জগৰ নিজৰ সংস্কৃতি  কৰিছে দেখুৱাইছে তাতে কি হল।





 
➦ছোৱালীবোৰৰ ডিঙিত ওলমি থকা
কাপোৰখন আগতে উৰ্ণা আছিল ।
তাৰপিছত দুপাত্তা হ'ল ।তাৰপিছত একপাত্তা ।
তাৰপিছত গলপাত্তা ।
আজিকালি সেইখন নাপাত্তা হ'ল ।।


➦চাল্লা মিলন মহন্ত নামটো ফেক একাউন্ট খুলিলে।তাৰ পোষ্টতো সকলোৱে share কৰাত লাগিছে ভালকৈ চালেই দেখিব আজি ৰাতিপুৱা খোলা একাউন্ট এইটো


➦ৰাইজে নখ জোকাৰি নৈ বোৱাই দিয়া আজিলৈকে দেখা নাই। কিন্তু,
ৰাইজে মূত্ৰ বিসৰ্জন কৰি একলেণ্ড বন্ধ কৰাই দিয়া দেখিছোঁ।


➦নতুনকৈ অনা মোবাইলটো চাৰ্জত লগাই চুইছতো দিছিলো হে মাত্ৰ,ৰাস্তাত কোন হেৰামিয়ে জানো বুলেটখনৰ এক্সেল ডাল পকাই দিলে জীৱটো কথমপি হে ৰৈছে
 


➦প্ৰেমিকা ,
হাত কটা প্ৰেমিকা,
তাৰ পাছত আহে এনেকুৱা প্ৰেমিকা
বি:দ্ৰ:-#এনেকুৱাসংস্কাৰীপ্ৰেমিকাএকলেণ্ডতগাধুইপূণ্যঅর্জনকৰাসকলেহেপাই


➦একলেণ্ডৰ কথা বেয়াকৈ কওঁতে এগৰাকীয়ে মোক unfrind কৰিছিল।
এতিয়া তেওঁক লগ পোৱা হলে ভাল আছিল।


➦মাঘৰ বিহুত মেজি নজ্বলিব পাৰে 
তথাপিও অসম বন্ধত টায়াৰ জ্বলিবই


➦দুৰ্ভগীয়া
বহুত  দুৰ্ভগীয়া
তাৰ পাছত আহে,
এই কেইদিনত একলেণ্ড গৈও কামোৰ খোৱা ভয়ত ফটো আপলোড কৰিবলৈ সাহস নকৰা সকল।


➦কিমানৰ প্ৰেম আধৰুৱা হৈ ৰল মাত্ৰ আখৰ বেয়া বুলি চিঠিখন নিদিয়াৰ বাবেই
এতিয়া হোৱাটচএপৰ নম্বৰ পাই চিধা I love you কৈ দিয়া সকলে কি বুজিব


 ➦মা দেউতাই কষ্ট কৰি কৰি আমাৰ মাত ফুটাই দিলে আৰু আমি কথা হোৱাটচএপত পাতো।


➦ আমাৰ লগত দুই ধৰণৰ বন্ধু থাকে
"ঐ ফুৰিবলৈ যাওঁ ব'ল।"
প্ৰথমটো,"অ ঠিক আছে ব'ল"
দ্বিতীয়টো, "এইবাৰ নাযাওঁ nextবাৰ sure যাম"
এই হেৰামিতোৰ nextবাৰ কোনোদিনেই নাহে।
 




➦জীৱন দুদিনীয়া,
অসম বন্ধ ৪৮ ঘন্টীয়া


➦সৰুতে কম্পাছৰ লগত পোৱা Magnifying Glassখনে কাগজ  জ্বলোৱা বাহিৰে আৰু একো কৰি নাপালোঁ।

 

➦অৱশেষত বন্ধ হল টোল গেটত টকা লোৱা নিয়মটো,
পিছে কিমান দিনলৈ বা?



➦নাজানো বাবেহে সুধিছো দেই
বন্ধটো অসমৰ উপাধি নি বাৰু?






 ➦আমাৰ পাছৰ প্ৰজন্মই মাকৰ আঁচলত লুকাবলৈ আৰু মুখ মচিবলৈ নাপাব কাৰণ জিন্স পেন্ট টি-চাৰ্টৰনো কত আঁচল থাকিব?