Exchange

অসমীয়া চুটিগল্প | Assamese short love story

 অসমীয়া চুটিগল্প | Assamese short love story

 

 "অভ্যাস"

সিহঁতে নতুন নতুন প্ৰেমত পৰাৰ দিনবোৰতেই সি আবিষ্কাৰ কৰিছিল কথাটো। একো একোটা দিন তাৰ খুব খং উঠিছিল। বিৰক্তিত আৰু অভিমানত মুখখন ফুলাই বহি থাকিছিল। বহুত ৰাতিলৈ টোপনি নাহিছিল কেতিয়াবা। পিছলৈ লাহে লাহে সি অভ্যস্ত হৈ পৰিছিল। খং, অভিমান কৰি লাভ নাই...কথাটো সি পলমকৈ হ'লেও বুজি উঠিছিল। শেষত খং কৰিবলৈ এৰি দিছিল। তাইৰ অভ্যাসৰ লগত সহবাস কৰি কৰি এটা সময়ত সি সেইটোকেই স্বাভাৱিক যেন ধৰি লৈছিল।তাৰো আচলতে অভ্যাস হৈ গৈছিল...
       দিনজোৰা ব্যস্ততা আছিল দুয়োটাৰে। চাকৰিজীৱী সিহঁতহালৰ কৰ্মজীৱনৰ মেৰু আৰু বিপৰিতমুখী। এটাই যদি কাউৰীপুৱাতেই উঠি কৰ্মস্থলীলৈ দৌৰ দিছিল, আনটোৱে তাৰ বিপৰীতে সেই কাউৰী-পুৱাতেই শেতেলীত বাগৰ দিছিলহে ! গতিকে অঙ্কবোৰ বৰ জটিল আছিল। বৰ কষ্ট হৈছিল মিলাই চলিবলৈ দুয়োটাৰে। কিন্তু তাৰ মাজতো চলি গৈছিল। বুজাবুজিৰ অভাৱ হোৱা নাছিল কোনোদিন ! দুয়োটা খুব উন্মুখ হৈ ৰৈ থাকিছিল বন্ধৰ দিন আৰু ৰাতিবোৰৰ বাবে...
    বন্ধৰ দিনবোৰত প্ৰায়েই লগ কৰিছিল দুয়ো। কিন্তু দিনৰ দিনটো একেলগে থকাৰ পিছতো দেখোন হেঁপাহ নপলাইছিল !! সন্ধিয়া তাইক ঘৰত নমাই থৈ সি নিজৰ ঠিকনাত গৈ পোৱাৰ ঠিক পিছৰে পৰাই পুনৰ ব্যস্ত হৈ পৰিছিল দুয়ো। ব্যস্ত হৈ পৰিছিল ইটোৱে সিটোৰ মাজত.. কথাৰ যেন শেষেই নহ'ব ! অথচ এইমাত্ৰ ইটোৱে সিটোৰ সান্নিধ্যত পাৰ কৰি থৈ আহিছে সম্পূৰ্ণ এটা দিন ! নাই নাই...তাৰ পিছতো যেন হেঁপাহবোৰ দুয়োৰে আধৰুৱা হৈ ৰৈ যায়...ক্ৰমাৎ প্ৰেমৰ বন্যাত উটি যায় দুয়ো...
       কিন্তু.....
      ৰাতি ঠিক এঘাৰ বাজি যোৱাৰ ঠিক পিছতেই কেনা লাগে সিহঁতৰ সফল আৰু সুন্দৰ প্ৰেমকাহিনীটোত। সিহঁতৰ মৰমবোৰে ৰাতিৰ মুখ নেদেখে। কাৰণ ? কাৰণ বেচেৰী তাইৰ মৰ-টোপনি ! ৰাতি ঠিক এঘাৰ বজাৰ পিছৰে পৰাই তাই টোপ টোপ বৰশী বাবলৈ আৰম্ভ কৰি দিয়ে। ওহোঁ..সি হেজাৰ চেষ্টা কৰিলেও তাইৰ টোপনিত ব্যাঘাত জন্মাব নোৱাৰে। বেচেৰীয়ে শোৱাৰ পীড়া উঠি গৈ দুচকুত পানী মাৰি আহে। তথাপিও তাই নিজকে আৰু কোনোমতে ধৰি ৰাখিব নোৱাৰে। মেছেজ কৰি থাকোতেই তাই ক'ব নোৱাৰাকৈয়ে টোপনিৰ কোলাত ঢলি পৰে। সি বেচেৰাই দুখে-অভিমানে বুকুখন পৰ্বতাকাৰ কৰি মাজৰাতিলৈ সাৰ পাই থাকে..জানোচা তাই হঠাতেই থত-মত খাই পুনৰ এটা মেছেজ কৰে ! কিন্তু নাই...তাৰ এই অপেক্ষাই কোনো কাম নিদিয়ে। বেলিটোৱে ভুমুকি মৰাৰ পিছতহে তাইৰ ক্লান্ত চকুৰ পতা মেল খায়। চকু মেলি উঠি দেখে যে মোবাইলত ফেচবুক, হোৱাটছএপ, ইউটিউব গোটেইবোৰ মেলি থোৱাতে থাকিল গোটেই ৰাতি।আৰু তাইৰ লাষ্ট চিন ৰাতিপুৱাৰ ৪.৩০। হোৱাটছএপত ঠাহ খাই থাকে তাৰ অভিমানবোৰ...দুচকুৰ পতা জাপ নোখোৱা খংবোৰ...দোষী দোষী মনটোৰে তাই কাউৰী-পুৱাতেই পঢ়ি শেষ কৰে মেছেজবোৰ...তাইৰ কান্দোন উজাই আহে...নিজৰ ওপৰতে খং উঠে তাইৰ। নিৰূপায় ক্ৰোধত তাই দাঁত-ওঁঠ কামোৰে। এই মৰ-টুপনিটো !!! এইটোৱে কেতিয়াবা তাইৰ কলিজাটো খাব! বিৰক্তিত তাইৰ নাক-মুখ কোচ খাই আহে...
     দিনবোৰ বাগৰিল। সময়বোৰ সলনি হ'ল। সলনি হ'ল সম্পৰ্কবোৰ...এসময়ৰ পৰস্পৰ মুগ্ধ সিহঁতহাল এতিয়া দায়িত্বশীল দম্পত্তি। সি এখন প্ৰতিষ্ঠিত কোম্পানীৰ দায়িত্বশীল বিষয়া।আৰু তাইও বিখ্যাত শিক্ষানুষ্ঠানৰ দায়িত্বশীলা শিক্ষয়িত্ৰী। এতিয়াও ব্যস্ততাই লগ এৰা দিয়া নাই কাকো। অথচ উন্মাদনাৰ উচ্ছল ঢৌবোৰে এতিয়া সিমানকৈ কোবাবলৈ সুচল নাপায় সিহঁতক। পৰস্পৰ সান্নিধ্যই দুয়োকৈ সুস্থিৰ কৰিছে এতিয়া। অথচ কিছুমান কথা এতিয়াও সলনি হোৱা নাই...হয়তো সলনি নহয় কাহানিও...
       ৰাতিৰ সাজ খাই উঠি সি পুনৰ লেপটপটো লৈ বহিল।কাইলৈ অফিচত খুব গুৰুত্ত্বপূৰ্ণ প্ৰেছেনটেশ্বন এটা আছে।সেইটো সম্পূৰ্ণ কৰিবলৈ অলপ কামহে বাকী। তাইও পাকঘৰৰ কামখিনি শেষ কৰি আহি কিতাপ এখন মেলি ল'লে। কাইলৈ কৰিব লগা ক্লাছকেইটাৰ ওপৰত অলপ চকু ফুৰাবলৈ আছে। দুয়ো নিজৰ নিজৰ জগতত ব্যস্ত হৈ পৰিল তেনেকৈয়ে।
     তাই: তোমাৰ আৰু কিমান সময় লাগিব ?
     সি: বেছি সময় নালাগে। অলপ কাম আছে।
     তাই : ঠিক আছে। মই কিতাপখন পঢ়ো।
      সি : বাৰু...
     
   কামত সি ইমানেই ডুবি গ'ল যে কিমান সময় পাৰ হৈ গ'ল গমেই নাপালে। লেপটপ সামৰি উঠি আহোঁতে সময় ৰাতিৰ দুই বাজিছে। চকুৰ পৰা চশমাযোৰ খুলি থৈ সি বিচনালৈ আহি দেখে তাই কিতাপখন বুকুত লৈ টোপনিত লাল-কাল। তাইৰ ভাগৰুৱা মুখখনত ক্লান্তিৰ ছাপ আছে যদিও গভীৰ টোপনিত মুদ খাই থকা তাইৰ চকুযুৰিত এক বিমল প্ৰশান্তি। আউলি-বাউলি তাইৰ চুলিবোৰ গালে-মুখে সিঁচৰতি হৈ আছে। এখন গালত হাত থৈ সৰু ছোৱালীৰ দৰে টোপনি গৈছে তাই । তাৰ তাইলৈ এক অপাৰ মায়া জাগিল। বুকুত পৰি থকা কিতাপখন আলফুলে বুটলি লৈ পঢ়ি থকা পৃষ্ঠাখনৰ সৰুকৈ ভাঁজ এটা কৰি সি কিতাপখন জপাই টেবুলখনত থ'লেগৈ। ফেনৰ স্পীডটো অকনমান বঢ়াই দি তাইৰ গাৰ চাদৰখন বুকুলৈকে টানি দিলে। চুলিবোৰ কপালৰ পৰা আঁতৰাই লৈ সি তাইৰ মুখখনলৈকে চাই থাকিল বহুপৰ....আগৰ দৰে তাৰ খং নুঠিল আজি। তাইৰ এই গভীৰ টোপনিত মুদ খোৱা চকুযুৰিত যেন লুকাই থাকে অযুত ভালপোৱা। যিবোৰৰ ভাগীদাৰ কেৱলমাত্ৰ সি। এই সুন্দৰ উপলব্ধিয়ে তাক যি প্ৰশান্তি দিয়ে সেই প্ৰশান্তিৰ তুলনাত কিছুমান শব্দ তেনেই নগণ্য হৈ পৰে তাৰ বাবে। এৰা...কিছুমান অভ্যাস সলনি নোহোৱাই ভাল...তাইৰ কপালত আলফুলে চুমা এটা খাই সিও তাইৰ কাষতে টোপনিৰ কোলাত ঢলি পৰে...অভিমানত বুকুখন পৰ্বতাকাৰ নহয় আজিকালি তাৰ...বৰঞ্চ বিয়পি পৰে প্ৰশান্তি....সুগভীৰ প্ৰশান্তি.....



📝 সুপ্ৰিয়া সূত্ৰধৰ।


Post a Comment

0 Comments