জীৱনৰ ৰংবোৰ... Assamese Status

জীৱনৰ ৰংবোৰ...





জীৱনৰ ৰংবোৰ...


নন্দিনীয়ে তলমূৰ কৰি কিবা এটা লিখি আছিল।এনেতে কাৰোবাৰ পদশব্দত তাই মূৰ তুলি চালে। আগন্তুকেও তাইক কিবা ক'বলৈ খুজি ৰৈ গ'ল। 

আজিও একেই ৰং !! এয়া জানো কাকতালীয় সংযোগ ? সদায়েই দেখোন একেবোৰ ঘটনা ঘটিবলৈ ধৰিছে। দুয়োটা থৰ লাগিল তেনেকৈয়ে। নন্দিনীৰ মনত বাৰে-বাংকৰা কথাবোৰ হয়তো আহিয়েই থাকিলহেঁতেন, কিন্তু হঠাৎ গলহেকাৰী মাৰি আগন্তুকে নন্দিনীক ক'লে, 


"কালি ৰেডি কৰিবলৈ দিয়া ৰিপোৰ্টটো হ'ল নে?" স্বাভাৱিক হ'বলৈ চেষ্টা কৰি নন্দিনীয়ে উত্তৰ দিলে, "অলমষ্ট ডান ছাৰ।" "ঠিক আছে।লান্সব্ৰেকৰ আগে আগে মোৰ কেবিনলৈ লৈ আহিবা।" "অকে ছাৰ।" নন্দিনীয়েও ক'লে। ইতিবাচক উত্তৰটো লৈ আগন্তুকক যথেষ্ট সন্তুষ্ট দেখা গ'ল। সামান্যভাৱে হাঁহি তেওঁ কোঠাটোৰ পৰা ওলাই গ'ল। নন্দিনী পুনৰ নিজৰ জগতত ডুব গ'ল। 


সদায়েই এনে হয়। প্ৰায় সদায়েই। প্ৰায় সদায়েই কাপোৰৰ ৰং এক হৈ যায় নন্দিনী আৰু তাইৰ অফিচৰ চিনিয়ৰ অফিচাৰ কৌস্তভ দুৱৰাৰ।প্ৰথমতে কথাটো নন্দিনীয়ে মন কৰা নাছিল। কিন্তু আজি কিছুদিনৰ পৰা লক্ষ্য কৰিবলৈ লৈছে। আৰু সদায় ৰাতিপুৱা অফিচ গৈ পোৱাৰ পিছত কিবা নহয় কিবা এটা অজুহাত লৈ তেওঁ নন্দিনীৰ ডেস্কলৈ আহিবই ! এই কথাটোও চকুত নপৰাকৈ থকা নাই নন্দিনীৰ। আচলতে তেওঁ এনেদৰে দিনটোৰ আৰম্ভণিতে এবাৰকৈ নন্দিনীৰ কোঠাত 'চেক ইন' কৰিবলৈ আৰম্ভ কৰি দিয়াৰে পৰা কথাবোৰ তাইৰ চকুত পৰিবলৈ ধৰিছিল।
কেনেদৰে সম্ভৱ বাৰু এয়া ? তাইতো কোনোদিনেই কোনো বিশেষ ৰং নিৰ্বাচন কৰি পোছাক পৰিধান নকৰে। ভাললগা যিকোনো এযোৰ কাপোৰ তাই আগদিনা ৰাতিয়েই অফিচলৈ বুলি সাজু কৰি থৈ দিয়ে আৰু তাকেই পিছদিনা পিন্ধি আহে। আজিও তাই তেনেকৈয়ে মেৰুণৰঙী কুৰ্তী এটা ক'লা লেগিংছৰ লগত মিলাকৈ পিন্ধি আহিছে। আৰু তেওঁৰ পিন্ধনত সেয়া ক'লা ফৰ্মেল পেন্ট আৰু মেৰুণ চাৰ্ট!! কিন্তু কেনেকৈ ?? কেনেকৈ তেওঁ গম পায় তাই আজি কি ৰং পিন্ধিব ? তেওঁ বাৰু গম পায়নে নাপায় ?? কিন্তু গম নোপোৱাকৈ প্ৰতিদিনে কেনেকৈ মিলি যায় ৰংবোৰ ?? নন্দিনীয়ে ভাবিবলৈ ধৰিলে । হঠাতেই তাইৰ কৌস্তুভ দুৱৰাৰ কেবিনৰ পিনে চকু গ'ল। এটা অচিন অজান অথচ ভাললগা অনুভূতিয়ে ঘেৰি ধৰিলে তাইক...


আচ্ছা তেওঁ বা তাই ভবাৰ দৰে ভাবিছেনে নাই কথাবোৰ ? নন্দিনীয়ে মনতে ভাবিলে। নাই নাই...জোৰকৈ নিজৰ মূৰটো জোকাৰি তাই কৈ উঠিল।কি কৰিলে তাই এয়া ? কি ভাবি আছে তাই? তাই ইয়াত কাম কৰিবলৈ আহিছেনে এইবোৰ কৰিবলৈ আহিছে ? নিজকে ধিক্কাৰ দিলে নন্দিনীয়ে। এইবাৰ তাই জোৰকৈ নিজৰ মনটো কামত গুজি দিবলৈ চেষ্টা কৰিলে।


সিপিনে নিজৰ কোঠাত একেই মানসিক অৱস্থা হৈছিল কৌস্তুভৰো। আজিও ৰংবোৰ মিলি গ'ল দেখোন ! কিন্ত কেনেকৈ ? কৌস্তুভে ভাবিবলৈ ধৰিলে। অথচ এই মিলি যোৱাবোৰ ক্ৰমাৎ ভাললগা হৈছে। দিনটোত এবাৰমান তাইৰ ডেস্কলৈ নগ'লে, তাইক নেদেখিলে দেখোন তাৰ নিজৰেই অফিচটোত মন নবহা হয়। আৰু এই মিলি যোৱা ৰংবোৰে যেন ক্ৰমাৎ ওচৰ চপাই আনিবলৈ ধৰিলে কথাবোৰ...নাই নাই, খুব সোনকালেই ইয়াৰ কিবা এটা ব্যৱস্থা ল'ব লাগিব । মিলি যোৱা ৰংবোৰ নিজৰ জীৱনটোলৈকো বোৱাই আনি হৃদয়ত সৃষ্টি কৰিব লাগিব ৰঙীন বসন্ত...কৌস্তুভে ভাবিলে। লগে লগে এক অচিন অজান অথচ ভাললগা অনুভূতিয়ে মেৰিয়াই ধৰিলে তাক...



📝 সুপ্ৰীয়া  | 

0 Comments: