আলেঙে আলেঙে.. | Assamese True Story
আলেঙে আলেঙে..
তাই লাহে লাহে ভাতবোৰ লিৰিকি-বিদাৰি ৰৈ আছে। খুব মনোযোগ দি তাই বাপেকৰ কাঁহীখনলৈ চাইছে। বগা ভাতখিনি লাহে লাহে সেউজীয়া হৈ পৰিছে। ক্ৰমাৎ সেউজীয়া হৈ পৰিব ধৰিছে তাইৰ মনটো। চৰম উৎকণ্ঠা বুকুত সামৰি ৰৈ আছে তাই। অৱশেষত সেউজীয়া হোৱা ভাতখিনিৰ পৰা এগৰাহ ভাত বাপেকে মুখত তুলি ল'লে। তাৰ পিছত এগৰাহ..পুনৰ এগৰাহ...টু এটা শব্দ নকৰাকৈ বাপেকে ভাতখিনি খাবলৈ ধৰিলে। তাইৰ মুখত এটি পৰিতৃপ্তিৰ হাঁহি বিয়পি পৰিল।
" তই পাৰিবি জানো মাজনী ? কিবা অলপ উনৈছ-বিছ হ'লেই বাপেকটোৱে তাল-ফাল লগাব। তাকো নিজৰ প্রিয় ব্যঞ্জনসাজ। তাতকৈ ময়েই কৰো দে।" উদ্বিগ্ন স্বৰেৰে মাকে ক'লে।
"নালাগে দিয়া মা, মই পাৰিম। দেউতাই খাই ভালপায় বাবেইতো মই শিকিব খুজিছোঁ।" নিম্নস্বৰত কোৱা তাইৰ কথাখিনি শুনি মাকৰ মনটো টনটনাই উঠিল।
মাক-বাপেকহালৰ পেটমচা জীয়ৰী তাই। তাইৰ আগতে তিনিজনীকৈ সিরা।এইবাৰ অন্তত ল'ৰা এটা হ'ব বুলি পৰম আশাৰে বাট চাই থকা বাপেকে আকৌ এজনী ছোৱালী হোৱাৰ খবৰ পাই চাবলৈকে যোৱা নাছিল তাইক। সেই তেতিয়াৰে পৰা মাকে আলেঙে-আলেঙে ৰাখিয়েই ডাঙৰ কৰিলে তাইক বাপেকৰ পৰা। আৰু সেইজনী তায়েই আজি বাপেকৰ প্রিয় ব্যঞ্জন ৰঙালাও পাতৰ চাটনি মাকৰ পৰা শিকি বনাবলৈ বুলি তৎপৰ হৈ উঠিছে। কথাটো ভাবি মাকে নীৰৱে নিজৰ চকুদুটা চাদৰৰ আগটোৰে মোহাৰি ল'লে।
বাপেকৰ ভাতখোৱা শেষ হ'ল। তাইও খাবলৈ ল'লে নিজেহাতে বনোৱা, দেউতাকৰ প্রিয় ৰঙালাও পাতৰ চাটনি। বেয়া নাই হোৱা, প্ৰায় মাকৰ দৰেই হৈছে। তাই মনতে ভাবিলে। নহ'বনো কিয়? কম যত্নেৰে বনাইছেনে তাই? দেউতাকে খাই ভাল পালে মুখেৰে একো নক'লেও অন্ততঃ মনতে সন্তোষ কৰিব। আৰু সেই সন্তোষকে বুকুত সাৱটি তাই দেউতাৰ মৰমখিনি অনুভৱ কৰিবলৈ যত্ন কৰিব...আলেঙে-আলেঙে...
📝সুপ্ৰিয়া সূত্ৰধৰ।
২১/০৭/১৭
২১/০৭/১৭
0 Comments