Exchange

"অনুৰাধাৰ ডায়েৰী" | Assamese Story


✍"অনুৰাধাৰ ডায়েৰী"✍




✍"অনুৰাধাৰ ডায়েৰী"ৰ কেইখন মান মোৰ ভাল লগা পৃষ্ঠা আপোনালোকলৈ আগবঢ়াম, তাৰে আজিৰ পৃষ্ঠাটো আগবঢ়ালো..... ~~✍
       
    জীৱনটোৰ কিছুমান অতি সুকীয়া স্মৃতি অনুৰাধাই তাইৰ ডায়েৰীত সযতনে   আঁকি থৈছিল......!
       প্ৰাণচঞ্চলা,অনুৰাধা এজনী খুব সাধাৰণ ছোৱালী | অন্তৰ খুলা যদিও সাগৰৰ দৰে গভীৰ এটা মনৰ অধিকাৰী |

ৰাতিপুৱা প্ৰায় ৫ বাজিছিল তাই খপ্- জপ্ কৈ মোবাইলটোলৈ চাইছিল আৰে,এতিয়াও চোন এলাৰ্ম বাজিবলৈ আধা ঘণ্টা বাকি | তাই এনেয়ে ভয় খাইছিল,দেৰি হোৱা বুলি... আৰু অকমান শুব খুজিও নোৱাৰিলে|ক'ত নো পাৰিব..! আজি তাই "ৰাগ"ক লগ পাব, বহুদিনৰ অন্তত | সি ভালপোৱা ৰাজ্মা পনীৰ,এগ কাৰী,এইবোৰ ৰান্ধিবলৈ আছেই তাইৰ | খৰধৰকৈ উঠি এইবোৰৰ তৈয়াৰীত লাগিল...
সকলোবোৰ ৰান্ধি ধুনীয়া কৈ টিফিনত ভৰাই,মৰমৰ ন'ট এটাও লিখিলে তাৰ বাবে | আৰু নিজেও ৰেডী হ'ল | বৰ বিশেষ ষ্টাইল নাই যদিও আজি অলপ সময় লাগিল | বাৰে-বাৰে নিজকে আইনাত চাই থাকিল...|
৮বাজি যোৱাত তাই বাছ ষ্টেণ্ডলৈ ওলাই আহিল | গুৱাহাটীত থকা প্ৰায় চাৰি বছৰেই হ'ল তথাপিও,কেইটামান বিশেষ আলি-বাটৰ বাদে অকোৱা-পকোৱা গলিবোৰ তাইৰ বাবে এতিয়াও অপৰিচিত |
বাছত উঠি তাই "অনুৰাগ"ক ফোন লগালে... |
অনুৰাগ তাইৰ জীৱনৰ এটা প্ৰিয় নাম,ৰাতিপুৱা শুই উঠাৰ পৰা ৰাতি টোপনি নহালৈকে, অনৰ্গল এই নামটোৱেই তাইক আমনি কৰি থাকে  |
"ৰাগ" আহি আছা নে ? কোনখিনি পালা ? মই বাছত উঠিলো... সোনকালে আহা.. এইবুলি কৈ তাই ফোনটো ৰাখিলে|বতৰটো ঠাণ্ডা আছিল, বৰষুণ দিও দিও....গম নোপোৱাকৈয়ে তাই গুণ-গুণাবলৈ ল'লে........
   হঠাতে,বাছখন ৰখিলে,তাই খিৰিকী ৰে জুমি চাই দেখিলে কেইগৰাকীমান যাত্ৰী উঠিছিল | এজনী ছোৱালী আহি তাইৰ ওচৰতে বহিল,তাইৰ লগত অহা জনে বহুৱাই দিলে, আৰু নিজেও খেপিয়াই খেপিয়াই পুৰুষৰ স্থানত বহিল | দুইগৰাকী চোন অন্ধ,অনুৰ মনটো সেমেকি গ'ল|অলপ সময় ধৰি খিৰিকীৰ বাহিৰত চাই থাকিল...কিবা ভাবি ভাবি...!

বাছখন আহি আহি পুনৰ এঠাইত ৰ'ল,কমেও ১৫ মিনিটৰ বেছি | অনু খুব অধৈৰ্য হ'ল আৰু মুখৰ ভিতৰতেই ভোৰ-ভোৰাই থাকিল | এনেতে,তাইৰ কাষত বহি থকা ছোৱালী জনীয়ে সুধিলে,"কি হ'ল নো বাছ খনৰ"?
ছোৱালী জনীয়ে মাতা শুনি তাই খুব ভাল পালে আৰু কথা পতাত লাগিল | অনুৱে সুধো-নুসুধো কৈ শুধিএ পেলালে, ক'ৰ পৰা আহিছে,ক'লৈ যাব ইত্যাদি....| ছোৱালী জনীয়ে ক'লে আমি পাঁচজন, এটা বিশেষ প্ৰগেমৰ বাবে আহিছিলো, আজি যামগৈ | অনুৱে লগে-লগে পিছলৈ ঘুৰি চালে, পিছৰ চিটটোত আৰু দুগৰাকী অন্ধ | এটা লৰা এজনী ছোৱালী আৰু বাছৰ শেষৰ চিটটোত আৰু এজন | মনটো আকৌ বেয়া লাগিল অনুৰ | কিন্তু,সিহতেঁ চোন খুব স্ফুৰ্তিতে আছিলে|ইমান মিলা-প্ৰীতি ইজন-সিজনৰ | পুনৰ ভাব সাগৰত ডুব গ'ল তাই | মাজে-মাজে ৰাগলৈও মনত পৰিল.....!
অলপ পিছতেই দুইজনী চিনাকী হৈ পৰিল | অনুৱে নানা খুহুতীয়া কথাকৈ হহুৱালেও... তাৰ মাজতে তাই লক্ষ্য কৰিলে ছোৱালীজনীৰ লগত অহা
লৰাজনে বাৰে বাৰে কণ্ডাক্টৰক সুধি তাৰ লগৰী জনীৰ খবৰ ল'লে | অনুৰ মনটো কিবা এটা ভাল লাগি গ'ল | এনেতে বাছখন মালিগাওঁ পাবৰ হ'ল,সিহঁতৰ নামিবৰ হ'ল | তাৰপৰা লক্ষীমপুৰ যাব | অন্ধ ছোৱালী জনীয়ে ক'লে, আমি নামিবৰ হ'ল | তোমাৰ লগত কথা পাতি ভাল লাগিল,ভালকৈ যাবা |
সিহঁতে নামি যোৱাৰ পিছত অনুৰ মনটো অলপ বেয়া লাগিল | ছেহ্..নামটোও সুধা নহ'ল তাইৰ |

পুনৰ তাই তাইৰ অনুভৱৰ পৃথিৱীখনত ডুব গ'ল.......

মনৰ মাজতেই প্ৰশ্ন কৰিলে আচলতে প্ৰকৃত অন্ধ কোন....? একো নেদেখিও চোন সিহঁতৰ পৃথিৱীখন ইমান ৰঙীন | লাহে-লাহে তাই একো মণিব নোৱাৰা হ'ল... আৰু বাছখনৰ চিটত হাউলি চকু মুদি দিলে........!

#অনুৰাধাৰডায়েৰীৰএটাপৃষ্ঠা


পঢ়ি ভাল লাগিলে অনুগ্ৰহ কৰি লাইক, কমেণ্ট আৰু শ্বেয়াৰ কৰিবলৈ নাপাহৰিব....
Because Sharing Is Caring! 


- Himangi JM Lahkar

Post a Comment

0 Comments