Exchange

পুনৰ...সি আৰু তাই | Assamese Status For WhatsApp

 

পুনৰ...সি আৰু তাই...❤️❤️

➥সি: ঐ !
➦তাই: উমম ক।
➥সি: কালি যে মোক সুধিছিলি...
➦তাই : কি সুধিছিলোঁ ?
➥সি: মই তোক কিয় ভালপাওঁ বুলি..
➦তাই: উমম, সুধিছিলোঁ...তৌ ??
➥সি: কি তৌ আকৌ ?
➦তাই: উমম তৌ ?
➥সি: তৌ মইতো ক'লো...
➦তাই : তৌ ?
➥সি : তৌ এতিয়া তোৰ পাল..
➦তাই : মানে ?
➥সি : 😒😒 চুলি জোকৰা দুটামান খালে বুজিবি মানে কি..
➦তাই: 😁😁
➥সি: ক'বিনে???
➦তাই : কি ক'ব লাগে ???
➥সি : তই মোক কিয় ভালপাৱ ইমান ?
➦তাই: ধুৰৰৰ....তোক মই ভালপাওঁ বুলি কোনে ক'লে??
➥সি: 😡😡😡 সঁচাইনে ?
➦তাই : অ সঁচাতো আকৌ ! তোক কোনোবাই ভালপায় নেকি?? ধুৰ...
➦সি: 😔😔 বাৰু ঠিক আছে...নালাগে মোক ভালপাব...মই যাওঁ..
➥তাই : ক'ত যাৱ ??
➦সি: মৰিবলৈ যাওঁ...তোক কেলৈ??
➥তাই: শুন !
➦সি: শুনিবলৈ কিটো আছে ?
➥তাই: যি শুনাইছো তাকেই শুন ! বেছি কেপকেপাই নাথাকিবি। চুপ চাপ বহ ইয়াত। 😡😡
➦সি: হুহ...
➦তাই: শুনিবিনে কি কৈছোঁ..??
➥সি: দে ক...হুহ...
➦তাই: 😘😘 শুন...
➥সি: উমম ক...
➦তাই:.....
.....
➦তাই....এনে এজনী ছোৱালী যাৰ আছে এক সুকীয়া অতীত...বিষাদেৰে সিক্ত অতীত...পাহৰিব খুজিও পাহৰিব নোৱাৰা অতীত..হয়...তাই কাৰোবাৰ ভালপোৱাৰ স্মৃতিচিহ্ন নাছিল...নাছিল কাৰো আশাৰ সৰৱ নৈ...অনাদৰ, অনিচ্ছাত সৃষ্টি হোৱা তাইৰ প্ৰতি নাছিল কাৰো সমবেদনা....চাৰিজনী ছোৱালী থকা সিহঁতৰ ঘৰখনত হাঁহৰ কণী বনালে তাইক আধা ফাল দিয়াৰ বিপৰীতে বাকী তিনিজনী ছোৱালীক গোটে গোটে দিয়াটো তেনেই সাধাৰণ কথা আছিল। বেচেৰীয়ে স্কুল যাওঁতে কোনোদিন নতুন ইউনিফৰ্ম পিন্ধি নাপালে জাননে ! নাপালে তাইৰ হেঁপাহৰ এখন ছবি অঁকা বহী! অথচ পঢ়াত বেয়া নাছিল তাই...বেয়া নাছিল মানে ? এটা সময়ত এই একমাত্ৰ পঢ়া-শুনাৰ মাজতেই মূৰটো গুজি দি তাই সাঁতুৰি পাৰ হৈছিল অস্ফুট বিষণন্নতাৰ বেঙুনীয়া নদী...আৰু আৰু...তেনেকৈয়ে ডাঙৰ হ'ল তাই...নিজকে ভালপাবলৈ শিকাই নহ'ল কদাপি...সকলোৰে বেয়া লগাবোৰৰ পৰা নিজকে বচাই ৰাখি চলোতে চলোতে কেতিয়ানো নিজকে ভালপোৱাৰ সময়বোৰ অতীত হৈ গ'ল তাই গমকে নাপালে। হয়তো এনেকৈয়ে পাৰ হৈ গ'লেহেঁতেন সময়বোৰ...জানিবলৈ হয়তো আহৰিয়ে নহ'লেহেঁতেন...যে তাইৰ মৰুভূমিসদৃশ বুকুখনৰ মাজতো মৰম বোলা অনুভূতি আছে...অনুৰাগৰ মৰুদ্যান এখন আছে.... অনুভৱবোৰ সজীৱ আছিল বাৰু ! সেই অনুভৱবোৰ বুকুত সামৰি তাই বিষণন্নতাৰ গদ্য লিখিছিল...এইবোৰ কেতিয়াকৈ প্ৰেমৰ কবিতা হ'ল তাই দেখোন গমকে নাপালে...হাঁহি এটাই ৰামধেনুৰ সাতুৰঙী ৰঙেৰে সাৱটি ধৰিলে তাইক...সেই ৰামধেনুৰ নাম তই.....শৰতৰ কোনো এটি আবেলি তই কি কৈছিলি জাননে তাইক ?? You are so amazing.. just the way you are...এতিয়া তয়েই ক..তাই বাৰু কি অজুহাতত নিজৰ ৰংবোৰ হেৰুৱাব ? হেৰুৱাবলৈ তাইৰ আছেনো কি ? গোটেই উদং বুকুখন লৈ এইকণ ৰং সাবটিবলৈ তাইৰ আতৌ-পীতৌ কৈ শক্তি বোৰ মজবুত হৈ থকা নাইনে ????
........
➥সি: ঐ !
➦তাই:.....
➥সি: ঐ পাগলী...
➦তাই : পাগলী নুবুলিবি দেই ! মাৰ খাবি...
➥সি : ক'ত মাৰিবিনো ?
➦তাই : তোৰ মূৰত ! গণ্ডগোল আছে সেইটোত যাহ..
❤️❤️❤️❤️❤️

Post a Comment

0 Comments