Exchange

নুবুজাকৈয়ে থাকক কিছু কথা.. Assamese Photo Status | Assamese Status



নুবুজাকৈয়ে থাকক কিছু কথা...
 
ন-জোন চাবলৈ মোৰ
এনে কি অনুভূতি??
বেলি ডুবিবলৈ
এতিয়াও এঘণ্টা বাকী !

সাৰ পায়েই ব্যস্ত হয়
সময়...
পাকঘৰৰ দৈনিক ৰুটিনত আবদ্ধ
হে বিষণ্ণ নাৰী !

জটিলতাৰ জোলোঙা ফালি
আগবাঢ়ে কুঁহিপাত...
গীটাৰৰ প্ৰতিডাল তাৰ
সুৰৰ প্ৰেমত বন্দী !

কিছুমান কথা দেখোন
নুবুজাকৈয়ে থাকে...
দৈৱৰ দুৰ্বিপাক বুলিবা ইয়াক
নে মগজুৰ ফন্দি !! 


পঢ়ি ভাল লাগিলে অনুগ্ৰহ কৰি লাইক, কমেণ্ট আৰু শ্বেয়াৰ কৰিবলৈ নাপাহৰিব....
Because sharing is caring!


Asomiya kobita, Assamese kobita

Post a Comment

0 Comments