Exchange

Asomiya Kobita | হে মৃত্যু ! যদি তুমি আহা ।

হে মৃত্যু ! যদি তুমি আহা ।


 
হে মৃত্যু !
যদি তুমি আহা
আহাঁ মোৰ প্ৰিয়াৰ ৰঙা গোলাপ চুমাত

মৃত্যু যদি তুমি আহাঁ
আহাঁ মোৰ প্ৰিয়াৰ মেঘ কলা চুলি সুগন্ধত

মৃত্যু যদি তুমি আহাঁ
আহাঁ  মোৰ প্ৰিয়াৰ ফুলকোমল বাহু বন্ধনত

হে মৃত্যু !
যদি তুমি আহাঁ
লৈ যোৱা মোক তোমাৰ যলৈকে ইচ্ছা

কিন্তু 'হে ৰাম' নহয় ,
মোৰ প্ৰিয়াৰ নাম
মোৰ মুখেৰে উচ্চাৰিত কৰি যোৱা !

 

 

Post a Comment

0 Comments