Exchange

পুনৰ সি আৰু তাই...| Assamese Status

পুনৰ সি আৰু তাই




পুনৰ সি আৰু তাই...


➦তাই: ঐ !
➥সি: উমম ক।
➦তাই: শুনচোন!
➥সি: শুনি আছোঁ, ক।
➦তাই: তই মোক কিয় ভালপাৱ ??
➥সি: হো ???
➦তাই: মানে কিয় ভালপাৱ ক না ! মোৰ জানিবলৈ মন যায়..
➥সি: সঁচা ?
➦তাই: অ সঁচা আকৌ !
➥সি: উমম শুন তেতিয়াহ'লে..কিন্তু বন্ধাকবি বুলি নোজোকাবি কৈ দিছো। চুলি জোকৰা দিম তেতিয়া!
➦তাই: অ নকওঁ দে বন্ধাকবি বুলি। ক এতিয়া।
➥সি: তোৰ মাজত এটা বনৰীয়া ফুলৰ দৰে অচিন অথচ খুব ভাললগা মাদকতা আছে। এই যে তোৰ কোনো বৰণ নসনা মুখখন, ঘামি-জামি থাকিলেও কিবা এটা ভাল লাগে। আৰু এই যে তোৰ খিলখিল হাঁহিটো, স্থান-কাল-পাত্ৰ নাচাই তই যে এনেকৈ সৰু ছোৱালীৰ দৰে খিলখিল কে হাঁহিব পাৰ, সেইটো মোৰ খুব ভাল লাগে। আৰু এই যে তোৰ অঁকৰা খং টো..
➦তাই: ঐ, ঐ, মই কেতিয়া অঁকৰা খং দেখুৱালো তোক ??
➥সি: অ নাই নাই...নাই দেখুওৱা অঁকৰা খং, এনেই কৈছোঁ দে। পাখৰি !
➦তাই: ঐ! পাখৰি নুবুলিবি...দিম দেই এপাট !
➥সি: কি দিবিনো ?
➦তাই: হেই যাহ..!!

খিলখিল হাঁহিত মুখৰিত হয় সময়বোৰ....বিয়পি পৰে মিঠা মিঠা, সুগন্ধি সুঘ্ৰাণ....যেন এপাহি বনৰীয়া ফুল...

Post a Comment

0 Comments