Exchange

১৫ আগষ্ট...স্বাধীনতা দিৱস! | Assamese KOBITA

১৫ আগষ্ট স্বাধীনতা দিৱস 2023!



১৫ আগষ্ট...স্বাধীনতা দিৱস!
মুক্তিৰ আনন্দত মতলীয়া হোৱাৰ শুভক্ষণ কাইলৈ!
পিছে....
পিছে সঁচাকৈয়ে জানো স্বাধীন আমিবোৰ ?
চুটি কাপোৰ এসাজ পিন্ধি এদল পুৰুষৰ চকু পাৰ হৈ যোৱাৰ স্বাধীনতা আছেনে এজনী ছোৱালীৰ ?
কেৱল মাথোঁ চাকৰি এটা নথকাৰ বাবেই নিজৰ মনে বিচৰা প্ৰেয়সীক আপোন কৰিব পৰাকৈ স্বাধীনতা পায় জানো ডেকা ল'ৰা এটাই ?
পত্নীহাৰা পুৰুষ এজনৰ দৰেই স্বামীহাৰা নাৰী এগৰাকীয়ে পায় জানো পুনৰবিবাহৰ অবাধ স্বাধীনতা ??
এহাল ডেকা-গাভৰুৰ বন্ধুসুলভ সহজ মিলা-মিচাৰ আছে জানো স্বাধীনতা ?
শিশুবোৰে মুকলি পথাৰত খেলক বুলি এৰি দিব পৰাকৈ স্বাধীন নে সিহঁতবোৰ ??
একেটা অফিচতে সমান পদবীত কৰ্মৰত স্বামী-স্ত্ৰী হালৰ ঘৰমুৱা যাত্ৰাৰ অন্তত স্বামীৰ দৰেই স্ত্ৰীয়ে কিয় নাপায় দিনজোৰা ভাগৰ মৰাৰ স্বাধীনতা ?
এৰা...স্বাধীন কিহত আমিবোৰ ?
কায়িক স্বাধীনতাই দিয়েনে সম্পূৰ্ণ প্ৰশান্তি ?
বিবেকৰ দুৱাৰ খুলি কেতিয়া স্বাধীন হ'ম আমি ?
কেতিয়া??
প্ৰতিধ্বনিয়ে সুধিছে কেতিয়া ???

Also read - 15 August Assamese Status | Independence Day Wishes In Assamese 

Post a Comment

0 Comments