Exchange

জীৱনত একোৱেই কৰিব নোৱাৰিলোঁ | Assamese Status

জীৱনত একোৱেই কৰিব নোৱাৰিলোঁ | Assamese Status


জীৱনত একোৱেই কৰিব নোৱাৰিলোঁ:

ৰাতি অকণমান জুৰ পৰে।লগে লগে দিনটো উপৰমুৱাকৈ

খোপা বান্ধি থোৱা মৰমৰ চুলিকোচা অলপ তলত নমাও।

নমাও মানে লাহে লাহে অকণমান মেলি দিও। তাৰ পিছত

অলপ ফণীয়াই মেলি চুলিকোচাক অকণমান সভ্যতাৰ সোৱাদ

লগাব মন যায়...হেঁপাহেৰে শেহতীয়া ডিজাইনত কাটি, হেনা

সানি,শ্বেম্পু,কণ্ডিচনাৰেৰে চিকিচিকিয়া আৰু পিছল ৰেচম

একোডালৰ দৰে কৰি ৰখা চুলিকোছালৈ বৰ মায়া জাগে..আন

দহজনী ছোৱালীৰ দৰে সহজতে মেলি ঘূৰি ফুৰিব নোৱাৰা

মইজনীয়ে চুলিকোচাৰ সৌন্দৰ্যক মোবাইল কেমেৰাতে ধৰি

ৰাখিবলৈ নিঃকিন চেষ্টা এটা কৰোঁ। দহখনমান বিভিন্ন অংগী-

ভঙ্গীত তোলা ফটোবোৰ চাই চাই টোপনিৰ কোলাত ঢলি

পৰো। ৰাতিপুৱায়...বেলিটো পুনৰ মূৰৰ ওপৰত উঠি আহে।

লগে লগে মোৰ মূৰৰ ওপৰত উঠি আহে মোৰ চুলিকোচা..এটি

চৰাইৰ বাঁহৰ ৰূপ লৈ...তাৰ পিছত কিবা কাৰণত মোবাইলৰ

গেলেৰীটো উলিয়াই ল'লে চকুত পৰে সেই ফটোবোৰ।আগৰাতি বিভিন্ন অংগী-ভঙ্গীৰে তোলা সেই

ফটোবোৰ...লগে লগে মই আশ্চৰ্যত ফাটি পৰো। ইমান গৰমত কেনেকৈ মেলিছিলোঁ চুলিবোৰ ??? 
😱😱

লাগিলে পাঁচ মিনিটৰ বাবেই হওক...কিন্তু কেনেকৈ???

তাৰ পিছত ৰাস্তাই-ঘাটে, টিভিয়ে-চিনেমাই, ফেচবুক-হোৱাটছএপ-ইনষ্টাগ্রামে দেখা পোৱা চুলি মেলা

ছোৱালীবোৰলৈ মনত পৰে মোৰ...তাৰ পিছত দুখ লাগে...ঈশ্বৰ...মোকো তুমি ইমানখিনি ধৈৰ্য শক্তি

দিয়াহেতেন...!

তাৰ পিছত মোৰ অজানিতে এটি হুমুনিয়াহ সৰি পৰে...
.

জীৱনত একোৱেই কৰিব নোৱাৰিলোঁ।
     
          __________________


পঢ়ি ভাল লাগিলে অনুগ্ৰহ কৰি লাইক, কমেণ্ট আৰু শ্বেয়াৰ কৰিবলৈ নাপাহৰিব....
Because sharing is caring! 😊😊

Post a Comment

0 Comments