Exchange

Asomiya Kobita সপোনবোৰে উকমুকায় |Assamese Kobita, Asomiya Kobita ,Assamese Poem|



সপোনবোৰে উকমুকায়
কলিজাৰ এচুকত...
সুখী সুখী মুখবোৰ দেখিলে,
মোৰো সুখী হ'বৰ মন যায়...
ভাল লাগে মিঠা মিঠা হাঁহিবোৰ..
সপোন বিয়পাব পৰা, আনন্দৰ ৰং চটিয়াব পৰা উজ্বল চকুবোৰ...
বহাগৰ প্ৰথমজাক বৰষুণ শেষ নৌহওঁতেই
আবেলিৰ শেষ কিৰণ পৰি জিলিকি উঠা খিৰিকীৰ এচুকত দেখোঁ,
যোৰ শালিকীৰ নাচোন !
 মোৰ বুকুতো সপোন জাগে...
এনে এটি আবেলি তোৰ স'তে এখন্তেক
বহিব পৰা হ'লে !!
এৰা...
সপোনবোৰে উকমুকায়
কলিজাৰ এচুকত....❤
 
Assamese kobita, Asomiya Kobita ,Assamese poem

Post a Comment

0 Comments